Show/Hide Keyboard Layout

হে সুধাকণ্ঠ

- মিণ্টু কুমাৰ নাথ

(সুধাকণ্ঠ ভাৰতৰত্ন ড. ভূপেন হাজৰিকাদেৱৰ স্মৃতিত তেখেতৰ মৃত্যুৰ দিনা লিখা গীত)

 

হে সুধাকণ্ঠ অসমৰ

তোমাক জনালোঁ নমস্কাৰ

তোমাক জনালোঁ নমস্কাৰ

যাদুকৰী তোমাৰ কণ্ঠ

তোমাক জনালোঁ নমস্কাৰ

তোমাক জনালোঁ নমস্কাৰ

উৰেতো জীৱন

সুৰ সুধা নিগৰাই

ধৰাৰ বুকুত

ৰচিলা সোণালী সপোন

তুমি আই অসমীক

কৰিলা জীপাল

নৱ আলোকৰ বীজ সিঁচি

হে সুধাকণ্ঠ অসমৰ

তোমাক জনালোঁ নমস্কাৰ

তোমাক জনালোঁ নমস্কাৰ

যাদুকৰী তোমাৰ কণ্ঠ

তোমাক জনালোঁ নমস্কাৰ

তোমাক জনালোঁ নমস্কাৰ ।

 

মানুহে মানুহৰ বাবে

যদিহে অকণো নেভাবে

ভাবিবলে দিলা যে অৱকাশ

যাযাবৰী হৈ ফুৰিছিলা

বিচাৰি সাগৰৰ মণি-মুকুতা

মৃত্যু কৰিলা তুমি এটি শিল্প

অসমী আইৰ সুধাকণ্ঠ

কৰণি হিয়াৰ সাঁজি উপচায়

যাচিলোঁ অশ্ৰু অঞ্জলি

হে সুধাকণ্ঠ অসমৰ

তোমাক জনালোঁ নমস্কাৰ

তোমাক জনালোঁ নমস্কাৰ

যাদুকৰী তোমাৰ কণ্ঠ

তোমাক জনালোঁ নমস্কাৰ

তোমাক জনালোঁ নমস্কাৰ ।

 

তোমাৰ গীতৰ হেজাৰ নহয়

শ্ৰুতা অজস্ৰ বলীয়া

তথাপি মনৰ মোৰ

প্ৰশান্ত সাগৰৰ

উৰ্মীমালা অশান্ত

বুলি গাই গ’লা গান অনন্ত

মানৱতা যাৰ প্ৰিয় বিষয়

সৃষ্টি নতুন-নতুন গানৰ

মানৱতা যাৰ প্ৰিয় বিষয়

সৃষ্টি নতুন-নতুন গানৰ

শিৰুমণি তুমি অসমীয়াৰ

ৰচিলা ইতিহাস

ন-ন পুৱাৰ

কৰণি হিয়াৰ সাঁজি উপচায়

যাচিলোঁ অশ্ৰু অঞ্জলি

হে সুধাকণ্ঠ অসমৰ

তোমাক জনালোঁ নমস্কাৰ

তোমাক জনালোঁ নমস্কাৰ

যাদুকৰী তোমাৰ কণ্ঠ

তোমাক জনালোঁ নমস্কাৰ

তোমাক জনালোঁ নমস্কাৰ

হে সুধাকণ্ঠ অসমৰ ...

Hits: 4587